Home বিশ্বকিয় কাৰাদণ্ডৰে দণ্ডিত হ’ল গ্ৰেট ব্ৰিটেইনৰ ‘মহাধনী’ হিন্দুজা পৰিয়ালৰ ৪ সদস্য?

কিয় কাৰাদণ্ডৰে দণ্ডিত হ’ল গ্ৰেট ব্ৰিটেইনৰ ‘মহাধনী’ হিন্দুজা পৰিয়ালৰ ৪ সদস্য?

by News Desk
A+A-
Reset
hinduja

নিজৰ ঘৰৰ কাম কৰা মানুহজনতকৈও বেছি মৰমৰ পোহনীয়া কুকুৰটোহে! দিনে-নিশাই গেবাৰী খটা দৰিদ্ৰ ভৃত্যজনতকৈও অধিক সন্মানৰ অধিকাৰী যেতিয়া পোহনীয়া কুকুৰটো হৈ পৰিল, তেতিয়াই আদালতৰ ৰঙা চকুৱে জ্বলাই শেষ কৰাৰ উপক্ৰম ঘটালে এটা ভাৰতীয় মূলৰ ধনাঢ্য পৰিয়ালৰ গৰ্ব, অহংকাৰ। ঘৰুৱা শ্ৰমিকক শোষণ কৰাৰ অপৰাধত এতিয়া কাৰাদণ্ড বিহা হৈছে পৰিয়ালটোৰ চাৰিজনকৈ সদস্যক।

ঘৰৰ পোহনীয়া কুকুৰটোৰ নামত কৰা খৰছতকৈও ঘৰুৱা শ্ৰমিকক কম দৰমহা প্ৰদান কৰাৰ অভিযোগত শেহতীয়াকৈ আইনী বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল ব্ৰিটেইনৰ আটাইতকৈ ধনাঢ্য হিন্দুজা পৰিয়াল। ভাৰতীয় মূলৰ এই পৰিয়ালটোৱে ছুইজাৰলেণ্ডৰ জেনেভাত থকা তেওঁলোকৰ ভিলাত কাম কৰিবলৈ ভাৰতৰ পৰা কেইজনমান কৰ্মচাৰীক লৈ গৈছিল। কিন্তু এই কৰ্মচাৰীসকলে পিছত পৰিয়ালটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে তেওঁলোকক দিনটোত ১৮ ঘণ্টাতকৈও অধিক কাম কৰিবলৈ বাধ্য কৰোৱাৰ বিপৰীতে মাত্ৰ সাত পাউণ্ডহে মজুৰি প্ৰদান কৰে। উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ আইন অনুসৰি ইয়াৰ বাবে কৰ্মচাৰীসকলে কমেও ৭০ পাউণ্ড লাভ কৰিব লাগে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0