‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েতো প্ৰায়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ কৰে, কিন্তু NEET UG ক লৈ চৰ্চা কৰিব কেতিয়া? – এই প্ৰশ্ন এতিয়া তৃতীয়বাৰৰ বাবে ৰাজগাদীত বহা নৰেন্দ্ৰ মোদীৰ সন্মুখত উত্থাপন কৰিছে বিৰোধীয়ে। সদ্য ঘোষিত NEET UG পৰীক্ষাক লৈ বিতৰ্ক শেষ নৌহওঁতেই এইবাৰ যোৱা বুধবাৰে অনুষ্ঠিত হোৱা UGC-NET পৰীক্ষাও বাতিল কৰিলে শিক্ষা মন্ত্ৰালয়ে।
বুধবাৰে অনুষ্ঠিত হোৱা UGC-NET পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ ইংগিত প্ৰদান কৰি এক বিবৃতিযোগে পৰীক্ষা বাতিল কৰাৰ ঘোষণা কৰে শিক্ষা মন্ত্ৰণালয়ে। আৰু ইয়াৰ পিচতে এতিয়া দেশজুৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী।এই পৰীক্ষা বাতিল হোৱাৰ পিছত দিল্লী, লক্ষ্ণৌকে ধৰি বহু ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীয়ে। ছাত্ৰ-ছাত্ৰীৰ উপৰিও যুৱ কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ কৰ্মীসকলেও শিক্ষামন্ত্ৰীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি পদত্যাগ দাবী কৰে।