Home ৰাজ্যদৰং উজলালে ছাবিনা, সৌৰভ, নৱনীতা, জ্যোতিষে

দৰং উজলালে ছাবিনা, সৌৰভ, নৱনীতা, জ্যোতিষে

by News Desk
76 views
A+A-
Reset

মঙলদৈঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দৰং জিলালৈ সুনাম কঢ়িয়াই আনিছে ৪ কীৰ্তিমানে। এই ৪ কীৰ্তিমান হৈছে ছাবিনা ইয়াছমিন, সৌৰভ পাহাৰীয়া, নৱনীতা ভৰদ্বাজ আৰু জ্যেতিষ কলিতা।
 
জিলাখনৰ সদৰ চহৰ মঙলদৈৰ আগশাৰীৰ শিক্ষানুষ্ঠান ব্ৰিলিয়েন্ট একাডেমীলৈ সুনাম কঢ়িয়াই অানি সৰ্বমুঠ ৪৭৮ নম্বৰেৰে কলা শাখাত দ্বিতীয় স্থান লাভ কৰে ছাবিনা ইয়াছমিনে। ছাবিনাই ইংৰাজীত ৯৩¸ বিকল্প ইংৰাজীত ৯৩¸ ভূগোলত ৯৯¸ তৰ্কশাস্ত্ৰ-দৰ্শনত ৯৫ আৰু নৃতত্বত ৯৮ নম্বৰ লাভ কৰে। ভূগোল আৰু নৃতত্বত ৰাজ্যখনৰ ভিতৰতেই সৰ্বাধিক নম্বৰ লাভ কৰে ছাবিনাই।

বাণিজ্য শাখাতো দ্বিতীয় স্থান দখল কৰে একেখন শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থী সৌৰভ পাহাৰীয়াই। সৌৰভে লাভ কৰা সৰ্বমুঠ নম্বৰ হৈছে ৪৬৯। ইংৰাজীত ৯৮¸ পৰিসংখ্যাত ৯৬, অংকত ৯৬, হিচাপ বিদ্যাত ৯৩ আৰু ব্যৱসায় অধ্যয়নত ৯৮ নম্বৰসহ সৰ্বমুঠ ৪৬৯ নম্বৰ লাভ কৰে সৌৰভে। মোবাইলত নেট, ফেচবুক আদি কৰি ভাল পোৱা সৌৰভে ভবিষ্যতে হিচাপ বিদ্যাৰ ভাল বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0