চাংসাৰিঃ লকডাউনৰ সময়ত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত ব্ৰক্ষ্মপুত্ৰত মাছ মাৰি থকা অৱস্থাত আজি ৫ জনকৈ ধুবুৰীৰ মাছমৰীয়াক ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰাৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি লকডাউন উলংঘা কৰি হাত নাৱেৰে উজাই আহি উত্তৰ গুৱাহাটী আনন্দ নগৰত বাহৰ পতাৰ পিছত আজি চাৰি দিনৰ অন্তত উত্তৰ গুৱাহাটীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰত মাছ মাৰিছিল এই ৫ মাছমৰীয়াই।
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰবাসী ৰাইজে অৰেঞ্জ জ’ন ধুবুৰীৰ পৰা অহা মাছমৰীয়াকেইজনৰ উপস্থিতি আৰু মাছ মৰাৰ খবৰ পোৱাৰ পিছতে আতংকিত হৈ পৰে। ইয়াৰ পিছতে উত্তৰ গুৱাহাটী আৰক্ষীয়েও ঘটনাৰ খবৰ পাই দণ্ডাধীশৰ সহিতে ঘটনাস্থলীত উপস্থিত হৈ ৫ মাছমৰীয়াক লৈ আৰম্ভ কৰিছে তদন্ত।