newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ নিৰাপতাতাৰক্ষ্ষীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ মঙলবাৰে বাৰামুলা জিলাৰ চোপোৰৰ পৰা সেনা জোৱানে ৪ জন সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, আটক হোৱা সন্ত্ৰাসবাদী কেইজন জেচ-এ-মোহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সক্ৰিয় সদস্য৷

আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে  মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে চোপোৰ অঞ্চলৰ ফল বজাৰৰ সমীপত সন্ত্ৰাসবাদী কেইজনমানে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে৷ তাৰ পিছত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দ্বৈতভাৱে অঞ্চলটো ঘেৰাও কৰে আৰু ৪ সন্ত্ৰাসবাদীক আটক কৰে৷

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এখন চাৰিচকীয়া বাহন দেখি সেনা আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু বাহনৰ ভিতৰত থকা সন্ত্ৰাসবাদী কেইজনে সন্মুখত আৰক্ষী-সেনাক দেখি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বাহন খনৰ পিছা কৰি সন্ত্ৰাসবাদীকেইজনক আটক কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে জনোৱা মতে, আটক হোৱা সন্ত্ৰাসবাদী কেইজনৰ পৰা ২টা ইউবিজিএল, ২টা হস্ত নিৰ্মিত বোমা আৰু সংগঠনৰ নামত থকা নথিপত্ৰ জব্দ কৰা হয়৷

আটকাধীন সন্ত্ৰাসবাদী কেইজনৰ নাম মোহম্মদ আয়ুব মল্লা, ফয়াজ আহমদ বাৰ, জাবেদ আহমদ বাৰ আৰু মকচুদ অহমদ বাৰ বুলি চিনাক্ত কৰা হৈছে৷

আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সন্ত্ৰাসবাদী সংগঠনটোৰ অধিক তথ্যৰ বাবে সোধ-পোছ চলাই থকা বুলি জানিব পৰা গৈছে৷