newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ নিৰাপতাতাৰক্ষ্ষীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ মঙলবাৰে বাৰামুলা জিলাৰ চোপোৰৰ পৰা সেনা জোৱানে ৪ জন সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, আটক হোৱা সন্ত্ৰাসবাদী কেইজন জেচ-এ-মোহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সক্ৰিয় সদস্য৷
আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে চোপোৰ অঞ্চলৰ ফল বজাৰৰ সমীপত সন্ত্ৰাসবাদী কেইজনমানে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে৷ তাৰ পিছত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দ্বৈতভাৱে অঞ্চলটো ঘেৰাও কৰে আৰু ৪ সন্ত্ৰাসবাদীক আটক কৰে৷