লংকাঃ লামডিঙত ৬ দিন পূৰ্বে সংঘটিত নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত ৪জন দুধৰ্ষ অপৰাধীক আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক কেইজন হৈছে মণিলাল দাস, চন্দন দাস, সুচেন্দ্ৰ দাস আৰু সুদীপ দাস।
যোৱা ১২ জুলাইত সন্ধানহীন হোৱা লামডিঙৰ ১নং হাতীখুলিৰ জংঘলত নিৰ্জলা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ এদিন পিছত অৰ্থাৎ ১৩ জুলাইত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। মৃতদেহ প্ৰত্যক্ষ কৰি মহিলাগৰাকীক দুৰ্বৃত্তই দলবদ্ধভাবে ধৰ্ষণ কৰি মাটিত পুতি থোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে।