ডিজিটেল ডেস্কঃ বন্ধুৰ জন্মদিনৰ অনুষ্ঠানলৈ গৈছিল ১৭ বছৰীয়া এগৰাকী ছাত্ৰী। চিনাকি বন্ধুৰ জন্মদিনৰ পাৰ্টীলৈ ধৰ্ষকৰ আগমন ঘটিব সেয়া কল্পনাও কৰিব পৰা নাছিল তেওঁ। কিন্তু শেষত সেয়াই হ’ল।
অনুষ্ঠান চলি থকাৰ মাজতে কাষৰ এটি ঘৰত বন্দী কৰি ৪ জন যুৱকে মিলি ওৰেতো নিশা দলৱদ্ধ ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক। কেৱল সিমানেই নহয়, পাল পাতি ধৰ্ষণ কৰি তাৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰি ৰাখে লম্পটকেইটাই। অভিশপ্ত নিশাৰ বিষয়ে অইনৰ আগত মুখ খুলিলেই ভিডিঅ’ ক্লিপিং ইণ্টাৰনেটত এৰি দিয়া হ’ব বুলিও লম্পটকেইটাই ভাবুকি প্ৰদান কৰে।