দিচাংমুখঃ পৰিস্থিতিৰ দাস হৈ আৰম্ভ কৰা অভ্যাসৰ ফলত অতিমানৱীয় ক্ষমতাৰ অধিকাৰী হৈছে শিৱসাগৰৰ শিয়াল। বাস্তৱৰ মৌগলী শিয়াল কিন্তু বনৰ আৱাসী নহয়। আদিম মানৱৰ দৰে খাদ্য ভক্ষণৰ ক্ষমতাৰ বাবে স্থানীয় জনতাই শিয়াল নাম দিছে বাবলু আলী নামৰ যুৱকজনক৷
নিঃকিন পৰিয়ালৰ সন্তান বাবলুৱে শৈশৱত পেটৰ পোৰণি মাৰিবলৈ ভক্ষণ কৰিছিল সকলোৰে বাবে অখাদ্য ৷ অভ্যাসৰ ফলত এতিয়া মাংস খাবলৈও তেওঁক প্ৰয়োজন নাই তেল-নিমখৰ৷ নৰন্ধাকৈয়ে মাছ-মাংস কেঁচাই খাব পাৰে শিয়াল বাবলুৱে৷ তদুপৰি আলু-কচুও কেঁচাই খায় এই যুৱকজনে৷
অস্ৱাভাৱিক ক্ষমতাৰ পাকস্থলীৰ অধিকাৰী বাবলুৰ অন্যতম প্ৰিয় খাদ্য হ'ল মাটি৷ একেদৰে ইটা-গছৰ পাত আদিও নিসংকোচে চোবাই হজম কৰিব পাৰে শিৱসাগৰৰ শিয়ালে৷
বৰ্তমান তেওঁ পৰিগণিত হৈছে চিকিৎসা বিজ্ঞানৰ বাবে বিস্ময় হিচাপে৷ এনে ক্ষমতা বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি পেট প্ৰৱৰ্তন কৰিছে যুৱকজনে৷ সুবিধা পালে ভগৱানপ্ৰদত্ত ক্ষমতা মঞ্চত প্ৰদৰ্শনৰ বাবেও আগ্ৰহী বাবলু৷