খেৰণিঃ দেওবাৰে কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী জগৎছিং ইংতিয়ে কাৰ্বি আংলঙৰ তুমপ্ৰেঙৰ হাতীমাৰা মাধ্যমিক বিদ্যালয়ৰ নৱ-নিৰ্মিত বিদ্যালয় গৃহ উদ্ধোধন কৰে।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, বৈঠলাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, পৰিষদৰ কাৰ্যবাহী সদস্য জগৎছিং ইংতি, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, লুনছিং টেৰণ, গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপিৰ উপস্থিত থাকে উদ্ধোধন কৰে গৃহটো।