ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে ইখনৰৱ পিছত সিন দেশ ভ্ৰমণ কৰি সমগ্ৰ বিশ্বৰ দেশ সমূহৰ লগত কূটনৈতিক সম্পৰ্ক ভাল হোৱা বুলি খোদ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ মন্ত্ৰী-নেতাই সময়ে সময়ে প্ৰচাৰ কৰি বাঃ বাঃ লৈ আহিছে৷
ইমানে নহয় বিভিন্ন দেশৰ মুৰব্বী সকল ভাৰতলৈ আহিবলৈ আৰম্ভ কৰে৷ কিন্তু দেশৰ পৰা ধন লুটি নি বিদেশত লুকাই থকা ললিত মোডী, বিজয় মালিয়া, বিক্ৰম কোঠাৰী আৰু পঞ্জাৱ নেচনেল কেলেংকাৰীত অভিযুক্ত নীৰৱ মোডীক দেশৰ চৰকাৰে উভতাই আনিব পৰা নাই, সেই দেশসমূহে অনুমতি প্ৰদান নকৰাৰ হেতু৷ ১২,০০০ কোটি টকা লৈ পলায়ণ কৰা নীৰৱ মোডী বৰ্তমান আমেৰিকাত আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে যদিও আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে মোডী ক’ত আছে সেয়া স্পষ্টভাৱে ভাৰত চৰকাৰক জানিবলৈ দিয়া নাই৷