ডিজিটেল ডেস্ক |তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু নাগ্ৰিজুলিত "গ্ৰাম্য বিকাশ মন" নামৰ বে-চৰকাৰী সংস্থাটোৰ ব্যতিক্ৰমী পদক্ষেপ। দূর্গা পূজা স্থলীত জনসাধাৰণৰ মন আৰু মগজু জোৰ পেলাবলৈ "গ্ৰাম্য বিকাশ মন" নামৰ বেচৰকাৰী সংস্থাটোৱে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ 

জানিব পৰা মতে কুমাৰীকাটা আৰু নাগ্ৰিজুলি দুৰ্গা পূজাস্থলীত শাৰদীয় শুভেচ্ছাৰে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰি দেখুৱাইছে মহানুভৱতা। উল্লেখ্য যে যি সময় ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে তেনে সময়তে বেচৰকাৰী সংস্থাটোৱে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰি দেখুৱাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। 

আনহাতে আজি পুৱা সোণালী জয়ন্তী বৰ্ষ কুমাৰীকাটা দূৰ্গা পূজাস্থলীত বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰে "গ্ৰাম্য বিকাশ মন" নামৰ সংস্থাটোৰ সভাপতি আলাউদ্দিন আহমেদ।