আজাৰাঃ পলাশবাৰীস্থিত চেনচুৰি প্লাইৰ উদ্যোগত আজি মনপুৰৰ বাসন্তি মন্দিৰ প্ৰাংগনত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয়৷ এই স্বাস্ব্য শিৱিৰটো উদ্বোধন কৰে সমাজকৰ্মী নাৰায়ন চৌধুৰীয়ে। চৌধুৰীয়ে উদ্বোধন কৰি এই বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ জড়িয়তে স্থানীয় ৰাইজক স্বাস্থ্য সম্পৰ্কীয় দিহা পৰামৰ্শ তথা ঔষধ বিনামূলীয়াকৈ গ্ৰহণ কৰি উপকৃত হব বুলি উল্লেখ কৰে।

শিৱিৰত উদ্যোগ কৰ্তৃপক্ষৰ পলাশবাৰীস্থিত চেনচুৰি প্লাই উদ্যোগৰ মূখ্য বিষয়া ৱাই কে চৌধুৰী, উৎপাদন গৌটৰ মুৰব্বী এন পি সিং আৰু উৎপাদন গৌটৰ পৰিচালন সঞ্চালক মলিন চন্দ্ৰ শৰ্মা, স্থানীয় গাওঁবুঢ়া প্ৰবীন বৰুৱা আদিকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী লোক উপস্থিত থাকে।

এই শিৱিৰত জালুকবাৰীস্থিত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকে অঞ্চলটোৰ পৰুষ, মহিলা, শিশুকে ধৰি অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকক চিকিৎসা সেৱা আগবঢ়ায়।