নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বিভিন্ন জাতি-গোষ্ঠীৰ মিলনভূমি বৰকলাত নানকস্বৰ গুৰুদ্বাৰত দেওবাৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়৷ বৰকলা শিখ যুৱ সংঘৰ সৌজন্যত আৰু গুৱাহাটীৰ ‘পিউজ গ্ৰুপ’ৰ কলেজ অৱ ফিজিঅ’থেৰাপি এণ্ড মেডিকেল ছাইন্সৰ সহযোগত অনুষ্ঠিত চিকিৎসা শিবিৰত প্ৰায় তিনি শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে৷
বিশিষ্ট চিকিৎসক ডা০ উজ্জ্বল ভট্টাচাৰ্যই পুৱা ১০ বজাত স্বাস্থ্য পৰীক্ষা শিবিৰত আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে৷ বিশিষ্ট সমাজকৰ্মী শ্যাম সিঙে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নানকস্বৰ গুৰুদ্বাৰৰ সভাপতি কতাৰ সিং, শিখ সংঘৰ কাৰ্যকৰী সভাপতি চতৰ সিং, পুৰণা গুৰুদ্বাৰৰ কাৰ্যকৰী সভাপতি দৰবাৰ সিং, কেন্দ্ৰীয় গুৰুদ্বাৰৰ সহকাৰী সম্পাদক ৰঞ্জু সিং, ‘পিউজ গ্ৰুপ’ৰ প্ৰশাসনিক বিষয়া দুলাল বৰা, সমাজকৰ্মী উত্তম সিং, দেবেন সিং, বেবেজীয়া প্ৰেছ ক্লাবৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ, নগাঁও প্ৰেছ ক্লাবৰ পত্ৰিকা সম্পাদক জ্যোতি প্ৰসাদ বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷