বিশ্বনাথ চাৰিআলিঃ নতুন সাহিত্য পৰিষদৰ অ-বিভক্ত শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বৰেণ্য মুক্তি যুজাৰু, ছাত্র আন্দোলনৰ সৰ্বজনখ্যাত নেতা তথা প্ৰগতিশীল সাহিত্যৰ বাটকটীয়া উমা শৰ্মাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।
আলোচনাৰ বিষয় বস্তুৰূপে ৰখা হৈছে উমা শৰ্মাৰ মতাদৰ্শ আৰু সাম্প্ৰতিক সমাজ। আলোচনাৰ বিষয় বস্তুৰ ওপৰত নিৰ্মোহভাৱে বিশ্লেষণ দাঙি ধৰিব নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সম্পাদক তথা বিশিষ্ট কবি, নিৱন্ধকাৰ সমীন্দ্ৰ হুজুৰীয়ে। আলোচনা সভাৰ উপৰিও বিশিষ্ট লেখক, প্ৰাক্তন অধ্যাপক মুনিন গোস্বামীৰ সংকলিত প্ৰৱন্ধ, জীৱন, দৃষ্টি আৰু সমাজ, গ্ৰন্থখনিৰ শুভ উন্মোচনৰো দিহা কৰা হৈছে।