গোৰেশ্বৰঃ আছুৰ অধিৱেশনত জনগোষ্ঠী সমূহৰ সমস্যাৰ ওপৰত এঘন্টা-দুঘন্টা হলেও আলোচনা হ’ব লাগিছিল৷ যদি কাৰ্বি, মিচিং সাহিত্য সভাৰ চৰ্চা নহয় সেই সাহিত্য সভাৰ লগত কোনে থাকিব৷ সেইকাৰণে বড়ো সাহিত্য সভা, ৰাভা সাহিত্য সভা, কাৰ্বি সাহিত্য সভা বেলেগ৷
তেন্তে অসম সাহিত্য সভা কাক লৈ৷ কেনেকৈ হ’ব বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়া৷ ক’ত আছে বৃহত্তৰ অসমীয়া গঠন প্ৰক্ৰিয়া৷ সাহিত্য সভাৰ পৰা আছুৰ মজিয়াৰ পৰা বৃহত্তৰ অসমীয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব লাগিছিল৷ আছু আৰু সাহিত্য সভাই মানুহ ধৰি ৰাখিব পৰা নাই৷