59
শিৱসাগৰঃ পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলি আছে সমগ্ৰ ৰাজ্যৰ কলেজ সমুহত৷ থিক এনেদৰেই মঙলবাৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত ২০১২ চনতে স্থাপন হোৱা এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আগমাত একাডেমিয়েও নতুনক আদৰাৰ প্ৰস্তুতিৰে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে।
এই শিক্ষানুষ্ঠানখনৰ নৱাগত অাদৰণি সভাখন শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায়। কলেজৰ সংগীত পৰিৱেশনে অাৰম্ভ হোৱা অনুষ্ঠানটো গীত মাতেৰে সফল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে৷