newsnextone.com। নলবাৰীঃ নলবাৰী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ উদ্যোগত বুধবাৰে শিক্ষক দিৱসৰ দিনটোত ভূগোল বিজ্ঞান বিভাগৰ নৱাগত আদৰণী সভা আৰু বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ দীনমণি ভাগৱতীৰ কৰ্মজীৱনৰ বিদায় অনুষ্ঠানটো আয়োজন কৰা হয়।

বিভাগৰ ছাত্ৰ চিন্ময় বৰুৱাই আতঁধৰা সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ গোস্বামী,ছাত্ৰ একতা সভাৰ সভাপতি দেৱজিত শৰ্মা আৰু সাধাৰণ সম্পাদক মানসজ্যোতি তালুকদাৰ সহ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

সভাত  মুখ্য অতিথি হিচাপে অধ্যাপক কৰুণা মুদিয়াৰে ভাষণ দিয়ে। বিভাগৰ প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে অসমীয়া বিভাগৰ অধ্যাপক ড০ দ্বীজেন দাসে, বিভাগৰ মুৰব্বী অধ্যাপক ফটিক বৰ্মনে সভাপতিত্ব কৰা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি ড০ দীনমণি ভাগৱতীয়ে কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতা উল্লেখ্য কৰে। ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা গ্ৰহণ কৰি সমাজ তথা জাতিৰ বাবে দায়বদ্ধ হবলৈ আহ্বান জনায়।