চাবুৱাঃ নিশাৰ বিহু মঞ্চ মানেই যেন একাংশ যুৱকৰ উদ্ভণ্ডালি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু সন্মিলনীত একাধিক উদ্ভণ্ডালি সংঘটিত হৈ অহাৰ মাজতে মৰাণতো বুধবাৰে নিশা বহাগী মহোৎসৱত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে।
সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে আয়োজন কৰা দ্বা-বিংশতিতম ব’হাগী মহোৎসৱৰ ২৬ এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠানত পুৱতি নিশা প্ৰায় ৩-৩০ বজাত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। জনপ্ৰিয় কন্ঠ- শিল্পী নীল আকাশে গীত পৰিৱেশন কৰি হাজাৰ-হাজাৰ শ্ৰোতাক আপ্লুত কৰাৰ সময়তে সংঘটিত হয় এই অঘটন।