ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ নবিল অঞ্চলত গাভৰু নৈৰ ভয়াৱহ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া উঠি পৰি লাগিছে জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডল৷ নৈখনৰ আগ্ৰাসনত যি কোনো মুহূৰ্ততে ছিঙি যাব পাৰে ইমান দিনে নবিল অঞ্চলক অক্ষত কৰি ৰখা এটা গুৰুত্বপূৰ্ণ মথাউৰি৷ এই ভৰ বাৰিষা নৈখনে কালৰূপ ধাৰণ কৰি প্ৰায় খহাই পেলোৱা মথাউৰিটোৰ এটা অংশ দিনে-ৰাতিয়ে পহৰা দিবলগীয়া হৈছে নবিলবাসীয়ে৷
সমান্তৰালকৈ জলসম্পদ বিভাগৰ দুই এক কৰ্মচাৰী আৰু একাংশ ঠিকাদাৰেও মথাউৰিটো অক্ষত ৰাখিবৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে৷ ইফালে, মথাউৰিটোৰ ইটোপাৰে বসবাস কৰা ৰাইজে সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবৰ বাবে তালি-টোপোলা বান্ধি নিৰাপদ দূৰত্বত অৱস্থান কৰিছে৷ এনেদৰে নবিল অঞ্চলত বসবাস কৰা কৃষিজীৱি ৰাইজে বছৰৰ পিছত বছৰ ধৰি শংকাৰ মাজেৰে দিন পাৰ কৰি আহিছে।