Home ৰাজ্যগীৰ গাই কেলেংকাৰীঃ ‘খেদ ঐ খেদ গৰু চোৰক খেদ’ শ্ল’গানেৰে গহপুৰত প্ৰতিবাদ

গীৰ গাই কেলেংকাৰীঃ ‘খেদ ঐ খেদ গৰু চোৰক খেদ’ শ্ল’গানেৰে গহপুৰত প্ৰতিবাদ

by News Next One
A+A-
Reset

গহপুৰঃ দুগ্ধপামৰ নামত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকাই ৫০ লাখ টকা ৰাজসাহায্য লাভ কৰা আৰু গৰুখুঁটি প্ৰকল্পৰ বাবে অহা গীৰ গাই বিজেপিৰ সাংসদ-মন্ত্ৰী-বিধায়কে ভগাই লোৱা কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি গহপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে৷

পূব ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত কেইবাশ লোকে গহপুৰ সম-জিলাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ গোহালিৰ গৰু সন্মুখত লৈ এক ৰেলী কৰি কংগ্ৰেছ নেতা-কৰ্মীসকল গহপুৰ সমজিলা কাৰ্যালয়ত উপস্থিত হয়৷ কাৰ্যালয়টো ঘেৰাও কৰি বিভিন্ন চৰকাৰবিৰোধী শ্ল’গান প্ৰদান কৰে৷ গহপুৰৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ নেতৃত্বত উলিওৱা ৰেলীত ‘ধৰ ঐ ধৰ গৰু চোৰক ধৰ, খেদ ঐ খেদ গৰু চোৰক খেদ’ আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়৷

লগতে ‘গৰুচোৰ বিধায়কক বৰ্জন কৰক, গীৰ গাই চুৰিৰ নায়ক জয়ন্ত মল্লবৰুৱাক বৰ্খাস্ত কৰক, কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱা বিজেপি নেতা হুঁচিয়াৰ, গৰু চুৰিত জড়িত বিধায়ক উৎপল বৰাক গ্ৰেপ্তাৰ কৰক’ আদি শ্ল’গানাৰে আকাশ-বতাহ কঁপাই তোলে৷ গাঁৱৰ মহিলাক কেৱল ১২৫০ টকা দি মন্ত্ৰীয়ে পত্নীৰ নামত ৫০ লাখ টকা চৰকাৰী সাহায্য লৈছে৷

গোমাতা ৰক্ষাৰ কথা কৈ ভোট লোৱা বিজেপিয়ে এতিয়া গৰুৰ নামত কেলেংকাৰী কৰিছে৷ গৰুখুঁটি প্ৰকল্পৰ বাবে অনা গাই ভগাই লৈ মন্ত্ৰী পত্নীৰ ফাৰ্মলৈ নিছে৷ সাংসদ আৰু বিধায়কে ঘৰলৈ নিয়াৰ অভিযোগ আনে প্ৰতিবাদী কংগ্ৰেছীসকলে৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি ৰিপুন বৰাই গীৰ গাই কেলেংকাৰী সংঘটিত কৰা মন্ত্ৰী-সাংসদ-বিধায়কক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়৷

তেওঁ ৰাজ্যৰ প্ৰকৃত দুগ্ধ পামৰ গৰাকী, গো-পালকক বঞ্চিত কৰি বিজেপিৰ মন্ত্ৰী-বিধায়কৰ আত্মীয়, পৰিবাৰক ৰাজসাহায্য প্ৰদান কৰা তথা গীৰ গাইকেন্দ্ৰিক দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰি যাব বুলি কয়। গীৰ গাই কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতিগ্ৰস্ত সাংসদ-মন্ত্ৰী-বিধায়কৰ পদত্যাগৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়৷

ৰিপুন বৰাই আৰু কয় যে বিজেপিয়ে গো-মাতাৰ নামত কৰা নিকৃষ্ট ৰাজনীতি আৰু কেলেংকাৰী বৰ্তমান সমগ্ৰ অসমত জনাজাত। এই কেলেংকাৰীৰ বিৰুদ্ধে উচিত ন্যায়িক তদন্ত আৰু দোষীক গ্ৰেপ্তাৰৰ দাবীৰে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো।

গীৰ গাই কেলেংকাৰীৰ সৈতে জড়িত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰাক গ্ৰেপ্তাৰ তথা শাস্তিৰ দাবীত বিশাল ধৰ্ণা-প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছো। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি প্ৰশান্ত হাজৰিকাই অংশগ্ৰহণ কৰে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0