নলবাৰীঃ চৰকাৰ পৰিৱৰ্তন হ’লেই নহয়, পৰিৱৰ্তন হ’ব লাগিব বিষয়া-কৰ্মচাৰীৰ মানসিকতাও৷ তেতিয়াহে উন্নয়নৰ বাট মুকলি হ’ব। এই কথাকেই দোহাৰি ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে সময়ে সময়ে বিষয়া-কৰ্মচাৰীক সৰ্ম-সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনাই আহিছে যদিও বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰে এনে আহ্বান। সেয়ে চৰকাৰী কৰ্মচাৰীয়ে জুৱা খেলি থকা দৃশ্য অসমত দুৰ্লভ নহয়।
নলবাৰী জিলাৰ তেনেই এটা কাৰ্যালয়ত মঙলবাৰে তথা যোৱা ২০ ফেব্ৰুৱাৰীত এদল সাংবাদিকে অভিযান চলায়৷ মঙলবাৰে পুৱাই সাংবাদিকৰ দলে জিলা খনৰ জলসিঞ্জন বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছতে দৌৰা-দৌৰি লাগে৷ ওপৰৱালা ছাৰ আহি কাৰ্যালয়ত সোমোৱাৰ দৰেই পৰিৱেশৰ সৃষ্টি হয় কাৰ্যালয় দুটাত৷ সাংবাদিক দেখামাত্ৰে কৰ্তব্যত গাফিলতি কৰাৰ বিষয়া-কৰ্মচাৰীৰ হুৱা-দুৱা লাগে৷ হেৰাই যায় বহুতৰে থৰকাছুটি।