47
মঙলদৈঃ উগ্ৰপন্থী নহয়, জুৱাৰীৰ বিৰুদ্ধে হাতে-হাতে বন্দুক লৈ আৰক্ষীৰ অভিযান। এই ঘটনা দৰং জিলাৰ। জিলাখনৰ ৰামহৰি গাঁৱত চলি থকা দৌল উৎসৱত অবৈধ জুৱােখেলে ভয়াৱহ ৰূপ ধাৰণ কৰাত দৰং আৰক্ষীয়ে এই অভিযান চলায়।
উল্লেখ্য যে সংস্কৃতিৰ মাইলৰ খুঁটি দৰঙৰ দৌল উৎসৱত ক্ৰমাৎ বৃদ্ধি পাইছে অবৈধ জুৱাৰ ঘাটি। দৌল উৎসৱক কেন্দ্ৰ কৰি দৰঙৰ বিভিন্ন স্থানত একাংশ অসাধু লোকে জুৱাৰ আড্ডা চলাই আহিছে।