Home ৰাজ্যদেওমৰনৈত অভিৰুচি ক্ৰীড়া দিৱস পালন

দেওমৰনৈত অভিৰুচি ক্ৰীড়া দিৱস পালন

by News Desk
52 views
A+A-
Reset

দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈৰ বড়িগাঁও কৃষি আৰু গ্ৰামোন্নয়ন সংঘৰ উদ্যোগত শনিবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লসগত সংগতি ৰাখি দেওমৰনৈ বড়িগাঁওৰ সংঘৰ প্ৰাংগণত  ৩৪ তম অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়৷ ক্ৰীড়া দিৱস উপলক্ষে ৰাতিপুৱা ৬ বজাত আয়োজন কৰা মাৰাথান দৌৰ উদ্বোধন কৰে সদৌ দৰং জিলা ছাত্র সন্থাৰ উপসভাপতি নিৰঞ্জন শইকীয়াই৷

ক্ৰীড়া দিৱসত অংশগ্ৰহন কৰে বড়িগাঁওৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে। ক্ৰীড়া দিৱসত উপস্থিত থাকে সংঘৰ সভাপতি, সম্পাদককে ধৰি সমুহ সদস্যবৃন্দৰ লগতে অঞ্চলটোৰ মহিলা সকলেও ভাগ লয়। অনুষ্ঠানটোৰ আঁত ধৰে সংঘৰ সম্পাদক ভৱেশ শৰ্মাই৷ উল্লেখ্য যে, একেবাৰে ভিতৰুৱা অঞ্চলৰ গাওঁখনত ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন পালন কৰি ছাত্ৰ ছাত্ৰী সকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে মহিলাসকলে সকলে স্বতঃস্ফুৰ্ত ভাবে ওলাই অহাত এক উছাহমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0