গুৱাহাটীঃ নগাঁও কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে এইবাৰ নগাঁৱৰ জুৰীয়াত ৰাজ পথত জ্বলালে গামোচা৷ এন এছ ইউ আইৰ কেইবাজনো নেতা-কৰ্মীয়ে খোদ কংগ্ৰেছৰ বিধায়কৰ সন্মুখতে অসমীয়াৰ চেনেহৰ গামোচা খন জ্বলাই ঠাট্টা, মস্কৰা কৰে৷ যিখন গামোচা ডিঙিত লৈ অসমীয়াই গৌৰৱ কৰে সেই গামোচা খন জ্বলাই দিয়াত ফেকুৰি উঠিছে অসমীয়াৰ হৃদয়৷
এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা ৰাজ্যবাসীয়ে প্ৰতিবাদ-প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে৷ একাংশ সন্দেহজনক লোকে অসমীয়াৰ আবেগক বাৰে বাৰে কুঠাৰঘাট কৰি ৰাজ্য খনৰ একো একোটা অঞ্চলত দপদপনি বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ, তৈল খাদ নিলাম, দীনদয়ালৰ নামত মহাবিদ্যালয় স্থাপন, সীমান্ত ছীল, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয় বিলুপ্ত কৰিবলৈ একাংশ লোকে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷