কামপুৰঃ নিশা কোনে চুৰি কৰিছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকৰ ডিঙিৰ গামোচা খন৷ তাক লৈ এতিয়া ব্যাপক চৰ্চা তথা চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁও জিলাৰ কামপুৰত৷ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিৰ পৰা এখন ফুলাম গামোচা চুৰি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰৰ গাৰুখুন্দাতো ব্যাপক উলাহ-মালহেৰে পালন কৰিছিল বিশ্ব বিশ্ৰুত শিল্পী অসমীয়াৰ হিয়াৰ আমঠু সুধাকন্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী৷ কামপুৰৰ গাৰুখুন্দাত অমৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পুৱাই নৈৰ পাৰত গাইছিল বহু লোকে৷