newsnextone.com। নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত আৰু আঞ্চলিক কৃষি গবেষনা কেন্দ্ৰ চিলঙনীৰ সহযোগত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি -২০১৮ ৰ অংশ ৰূপে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মঙলবাৰে নগাঁও জিলাৰ ৰাইদঙীয়াত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷
তদুপলক্ষে পুৱা ৯.৩০ বজাত যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰত্ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ত্ৰিশ গৰাকী ছাত্ৰ ছাত্ৰী সমবেত হৈ আইভেটীস্থিত ঐতিহ্যমণ্ডিত আইলক্ষী থানৰ সন্মুখৰ পৰা আইভেটী আৰু পহুকটা হৈ ৰাইদঙীয়াৰ পাঁচ আলিলৈকে স্বচ্ছ ভাৰতৰ সজাগতাৰ বিভিন্ন শ্লগানৰে এক সমদল উলিয়াই।