40
বটদ্ৰৱাঃ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৪৮ সংখ্যক জন্ম দিৱসটি আজি সমগ্ৰ দেশতে পালন কৰা হৈছে৷ অহিংস নীতিৰে স্বাধীনতাৰ বাট প্ৰশস্ত কৰা মহানায়কগৰাকীক সশ্ৰদ্ধাৰে সুঁৱৰি আজি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বটদ্ৰৱাতো পালন কৰা হয় গান্ধী জয়ন্তী৷
গান্ধী জয়ন্তী উপলক্ষে আজি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালক-বালিকা বুনীয়াদী বিদ্যালয়ৰ লগতে আন আন কেইবাখনো বিদ্যালয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷