ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ ছবি সন্নিবিষ্ট বিৰল ডাকটিকট৷ মাত্ৰ চাৰিটা দহটকীয়া ডাকটিকট বিক্ৰী হ’ল ৫ লাখ পাউণ্ডত৷ সংযুক্ত যুক্তৰাষ্ট্ৰৰ এক নিলাম অনুষ্ঠানত অভিলেখ স্থাপন কৰা মূল্যত বিক্ৰী হ’ল এই ষ্টাম্প চাৰিটা৷ স্বাধীনতাৰ এটা বছৰ পিছৰ এই ষ্টাম্প চাৰিটাৰ নিলামৰ ভাৰতীয় মূল্য হ’ব প্ৰায় ৪২ কোটি টকা৷
ব্ৰিটিছ ডিলাৰ ষ্টেনলি গিবনচে জনোৱা মতে ভাৰতীয় ডাকটিকট পূৰ্বতে এনে বিস্ময়কৰ দামত কেতিয়াও বিক্ৰী হোৱা নাছিল৷ এজন অষ্ট্ৰেলিয়াৰ নাগৰিকে এই ডাকটিকট ক্ৰয় কৰিছে বুলি জনা গৈছে৷