ডিজিটেল ডেক্সঃ গণেশ চতুৰ্থীৰ সময় নিচেই কাষ চাপি আহিছে৷ এইবাৰ গণেশ চতুৰ্থী সমগ্ৰ দেশত ১৩ চেপ্তেম্বৰৰ পৰা উদযাপন কৰা হ’ব৷ উখল-মাখল পৰিস্থিতি সমগ্ৰ দেশত৷ শুভ কামত কোনো বাধা-বিঘিনি নহ’বলৈ পূজা কৰে গণেশক৷

ধাৰ্মিক মান্যতা অনুসৰি হিন্দু সমাজত গণেশ চৰ্তুথীক গুৰুত্বপূৰ্ণ পূজা হিচাপে মানি লোৱা হয়৷ এই পূজা দেশৰ ৰাজ্য মহাৰাষ্ট্ৰত অতি ধুমধামেৰে পালন কৰা হয়৷ মহাৰাষ্ট্ৰবাসীৰ বাবে এই পূজাই যেন তেওঁলোকৰ বাবে এক নতুন জীৱন দান দি,সকলো সমস্যা দূৰ কৰে বুলি বিশ্বাস কৰে৷ যাৰ বাবে এক বিশাল আয়োজনৰ যো-জা চলাইছে ৰাজ্যত৷ ঘৰত প্ৰতিষ্ঠা কৰা ভগৱান গণেশ ধৰিত্ৰীত ১০ দিনৰ বাবে বিৰাজমান কৰিব বুলি বিশ্বাস কৰা হৈছে৷   

বিঘ্নহৰ্তা, বিনায়ক, গণপতি, গজানন কিমান যে তেওঁৰ নাম, স্মৰণ কৰি শেষ কৰিব নোৱাৰি৷ নেদেখাজনক বিশ্বাস কৰে সকলোৱে, সেইজনে হৈছে সকলোৰে শ্ৰদ্ধাৰ ভগৱান গণেশ৷ হিন্দু সমাজত দেৱতা তথা ভগৱানতকৈও সৰ্বপ্ৰথমে গণেশক পূজা কৰা হয়৷ মহাশক্তি শিৱ আৰু পাৰ্বতীৰ পুত্ৰ হৈ জন্ম লাভ কৰা জনেই হৈছে গণেশ৷ ভাদ মাহৰ শুক্ল তিথিৰ মধ্য ভাগত গণেশৰ জন্ম হৈছিল বুলি কোৱা হয়৷ 

কৈলাশ পৰ্বতৰ পৰা গণেশে আহি ধৰিত্ৰীত বাস কৰিব বুলি অগনন ভক্তই বিশ্বাস কৰে৷ তেখেতক উপাসনা কৰি মনৰ বাঞ্চা পূৰ হয় লগতে ঐশ্বৰ্যশালী হয় বুলি ভক্তলোকে মানি আহিছে৷ এই গণেশ চতুৰ্থীয়ে যেন সকলোৰে বাবে এক শুভ দিন, শুভ বাৰ্তা কঢ়িয়াই আনক তাৰেই সকলোৱে কামনা কৰে৷