কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ অতি দুৰ্গম অঞ্চলৰ পৰা এগৰাকী বড়ো যুৱতীক দুই যুৱকে এখন উইংগাৰ গাড়ীত বলপূৰ্বক উঠাই লৈ আহি দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধৰ্ষণকাৰী দুই যুৱকক ক্ৰমে সঞ্জয় বসুমতাৰী আৰু ৰূপক কুমাৰ ৰায় বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ৰূপক কুমাৰ ৰায় সম্প্ৰতি আৰক্ষীৰ জিন্মাত আছে ।

ছাইল্ডলাইন নামৰ সংস্থাটোৱে আজি কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ মৰ্মে দুই পাষণ্ড যুৱকে সোমবাৰৰ বিয়লি প্ৰায় ৩:৩০ বজাত সৰলপাৰাত বজাৰ কৰিবলৈ যোৱা এগৰাকী যুৱতীক বলপূৰ্বক উইংগাৰ গাড়ীত উঠাই লৈ প্ৰথমে উল্টাপানীৰ বনাঞ্চলত ধৰ্ষণ কৰাৰ পিছত বালাজান তিনালী এলেকালৈ লৈ আহে ।

বালাজান তিনালী এলেকাৰ এটা ঘৰত পুনৰাই সঞ্জয় বসুমতাৰী নামৰ যুৱকগৰাকীয়ে যুৱতীগৰাকীক যৌন নিৰ্যাতন কৰাৰ পিছত যুৱতীগৰাকীক ৰূপক কুমাৰ ৰায়ৰ হাতত গোটাই দিয়ে । এইবাৰ ৰূপক ৰায়ে কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী চৰাইখোলালৈ নি যুৱতীগৰাকীক  এটা কোঠাত আৱদ্ধ কৰি ৰাখি গোটেই নিশা যৌন নিৰ্যাতন চলায়।

পিছত আজি পুৱা ৰূপক কুমাৰ ৰায়ে যুৱতীগৰাকীক সদৰ চহৰলৈ আনি গাড়ীত উঠাই দিবলৈ ধৰোতেই সৰলপাৰাৰ এগৰাকী ব্যাক্তিয়ে যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি বিষয়টো ফোনযোগে দক্ষিণ কোকৰাঝাৰ আঞ্চলিক এবছুক অৱগত কৰে আৰু মুহুৰ্ততে উক্ত স্থানত আঞ্চলিক এবছুৰ কৰ্মকতা, চাইল্ডলাইনৰ কৰ্মকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত ৰূপক কুমাৰ ৰায়ক কৰায়ত্ব কৰি দক্ষিণ কোকৰাঝাৰ আঞ্চলিক এবছুৰ কাৰ্যালয়লৈ লৈ আহে।

ৰাইজৰ সোধ-পোছত ৰূপক কুমাৰ ৰায়ে সমগ্ৰ ঘটনাটো ফাদিল কৰাত উত্তেজিত ৰাইজে পাষণ্ড যুৱকগৰাকীক নাৰাবাৰীত থকা এবছু কাৰ্যালয়তে হাত বান্ধি লৈ মাৰপিট কৰে। আৰক্ষীয়ে পিছলৈ ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত যুৱকগৰাকীক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে।

ঘটনাটোত জড়িত আন এক অভিযুক্ত সঞ্জয় বসুমতাৰী সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অভিযুক্ত সঞ্জয় বসুমতাৰীক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰ (নং ৮১/১৭)ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাৰ অধীনত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে সোমবাৰৰ বিয়লি সৰলপাৰা অঞ্চলৰ পৰা দুই যুৱকে তাইক মুখত সোপা দি বলপূৰ্বক এখন উইংগাৰ গাড়ীত উঠাই লৈ অহা বুলি জানিবলৈ দিয়ে ।