কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ অতি দুৰ্গম অঞ্চলৰ পৰা এগৰাকী বড়ো যুৱতীক দুই যুৱকে এখন উইংগাৰ গাড়ীত বলপূৰ্বক উঠাই লৈ আহি দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধৰ্ষণকাৰী দুই যুৱকক ক্ৰমে সঞ্জয় বসুমতাৰী আৰু ৰূপক কুমাৰ ৰায় বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ৰূপক কুমাৰ ৰায় সম্প্ৰতি আৰক্ষীৰ জিন্মাত আছে ।
ছাইল্ডলাইন নামৰ সংস্থাটোৱে আজি কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ মৰ্মে দুই পাষণ্ড যুৱকে সোমবাৰৰ বিয়লি প্ৰায় ৩:৩০ বজাত সৰলপাৰাত বজাৰ কৰিবলৈ যোৱা এগৰাকী যুৱতীক বলপূৰ্বক উইংগাৰ গাড়ীত উঠাই লৈ প্ৰথমে উল্টাপানীৰ বনাঞ্চলত ধৰ্ষণ কৰাৰ পিছত বালাজান তিনালী এলেকালৈ লৈ আহে ।