চাপৰঃ ধুবুৰী জিলাৰ চাপৰৰ এজন বিশেষ লোক। বৰ্তমান এই বিশেষ লোকজন ব্যস্ত বাঁহৰ সৈতে। সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি লোকজনে বাঁহেৰে তৈয়াৰ কৰিছে ৰাষ্ট্ৰীয় পতাকা।
এই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এজন ব্যক্তি ব্যস্ত হৈ আছে কুটিৰ শিল্পত। নিৱনুৱা যুৱক-যুৱতীক কুটিৰ শিল্পৰে স্বাৱলম্বী হ'বলৈ অনুপ্ৰাণিত কৰাটোৱেই হৈছে তেওঁৰ মূল উদ্দেশ্যে।
বৰ্তমান বাঁহৰ জাতীয় পতাকা নিৰ্মাণত ব্যস্ত হৈ থকা এই লোকজন হৈছে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰৰ গংগাধৰ ৰায়। গংগাধৰ ৰায়ে সমাগত স্বাধীনতা দিৱসত ধুবুৰী জিলা বাসীক উপহাৰ দিব একোখনকৈ বাঁহৰ জাতীয় পতাকা আৰু কোঁচ-ৰাজবংশী জনগোষ্ঠীয় গামোচা।
সম্প্ৰতি ভীষণ ব্যস্ত হৈ পৰা শিল্পীগৰাকীয়ে এই পৰ্যন্ত অৰ্ধশতাধিক বাঁহৰ জাতীয় পতাকা নিৰ্মাণ কৰি উলিয়াইছে। স্বাধীনতা দিৱসৰ পূৰ্বে গঙ্গাধৰৰ লক্ষ্য ২৫০-৩০০ ৰাষ্ট্রীয় পতাকা আৰু জনগোষ্ঠীয় গামোচা নিৰ্মাণ কৰি উলিওৱা।
প্ৰথমাৱস্থাত শিল্পীগৰাকীয়ে এয়া সম্পূৰ্ণৰূপে নিজৰ আগ্ৰহত কৰিছে যদিও পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় ভিত্তিত কৰিবলৈকো সপোন পুহি ৰাখিছে। শিল্পী গঙ্গাধৰৰ এই শিল্প কৰ্মই ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।