কোকৰাঝাৰঃ ৮০০ কিলোগ্ৰামতকৈ অধিক গাঞ্জা, ৪০০ কিলোগ্ৰামতকৈ অধিক ধপাত , ১৪০০ বটল ফেন্সিদাইল চিৰাপ, ৪৬৫ কিলোগ্ৰামতকৈ অধিক নিচাযুক্ত টেবলেট আজি কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগ ডিচপোজেল কমিটিৰ দ্বাৰা ন্যায়ালয়ৰ অনুমতি লৈ ফকিৰাগ্ৰামত সম্পূৰ্ণৰূপে ধ্বংস কৰে।
ড্ৰাগ ডিচপোজেল কমিটিৰ সদস্যৰ উপস্থিতিত তথা জিলা মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ বৰুৱা , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ উপস্থিতিত আজি ২০০২ চনৰে পৰা কোকৰাঝাৰ জিলাত বিভিন্ন গোচৰত জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমুহ জিলাখনৰ ফকিৰাগ্ৰাম বিবিআই ইটা ফেক্টৰীলৈ আনি নিচাযুক্ত সামগ্ৰীসমুহ জ্বলাই দিয়াৰ লগতে ফেন্সিদাইল চিৰাপৰ বটলসমুহ এক্সেভেটৰেৰে চেপি নষ্ট কৰা হয়।