newsnextone.com | অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মেৰেৰচৰ গাঁও পঞ্চায়তৰ সচিব আব্দুল খালেকে দৰিদ্ৰ শ্ৰমিকৰ ধন মোকােলাই দিয়াৰ নামত ৩০ হাজাৰ টকা লৈ হাতে-লোটে ধৰা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যৰ বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰা বুলি বাৰে বাৰে কৈ অহাৰ পিছতোঁ ভয় নকৰি খমখমীয়া নোট লৈ জালত পৰে পঞ্চায়ত সচিব আব্দুল খালেক৷
জানিব পৰা মতে, মেৰেৰচৰ গাঁও পঞ্চায়তৰ অধিনত কেইবাটাও এম জি এনৰেগা আঁচনিৰ কাম কৰা হয়৷ নিৰ্মাণৰ কামত স্থানীয় শ্ৰমিকসকলক ব্যৱহাৰ কৰে৷ কাম সমাপ্ত হোৱাৰ অন্তত শ্ৰমিকসকলক ধন আদায় দিয়াৰ নামত ৩০ হেজাৰ টকা বিচাৰে পঞ্চায়ত সচিবে।