এখন সুন্দৰ, সুস্বাস্থ্য নিকা সমাজ গঢ়িবলৈ হ’লে বিশুদ্ধ পৰিৱেশৰো প্ৰয়োজন হয়৷ কিন্তু ইয়াৰ বিপৰীত হ’লে পৰিণাম ভয়ংকৰো হ’ব পাৰে৷ তাৰেই এক নিদৰ্শন দেখিবলৈ পোৱা গৈছে গাজিয়াবাদত৷ গাজিয়াবাদত এতিয়া সকলোৱে দেখা পাব দিল্লীত অৱস্থিত দৰে দ্বিতীয়টো কুতুব মিনাৰ৷

দৰাচলতে ই কুতুব মিনাৰৰ সদৃশ জাবৰৰহে এক দমহে৷ এই জাঁবৰৰ দমটোৱে মুঠ ২৯ একৰ মাটিলৈকে বিয়পাই আছে৷ উচ্চতাৰ নতুন ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে এই জাবৰৰ দমটোৱে৷ দূৰৈৰ পৰা পাহাৰ সদৃশ জাঁবৰৰ দমটোৰ ২০১৭ বৰ্ষত ৬০ মিটাৰ আছিল৷ কিন্তু ২০১৮ চনত ৫ মিটাৰ পৰ্যন্ত পালৈগৈ বুলি বিজ্ঞান আৰু প্ৰযুক্তিৰ সংসদীয় সমিতিৰ সংবাদৰ পৰা জানিব পৰা গৈছে৷ দিল্লীত অৱস্থিত কুতুব মিনাৰৰ উচ্চতা প্ৰায় ৭৩ মিটাৰ৷ আনহাতে জাবৰৰ এই পাহাৰ হেন দমটো মিনাৰতকৈ ৮ মিটাৰহে কেৱল কম৷

উল্লেখযোগ্য যে ১৯৮৫ চনত গাজীপুৰ লেণ্ডফিলৰ আৰম্ভ হৈছিল৷ ইয়াৰ পূৰ্বে দিল্লীত ইয়াৰ ব্যৱস্থা কৰা হৈছিল কিন্তু মানুহৰ স্বাস্থ্যৰ অৱনতিৰ ঘটাৰ ফলত ইয়াক গাজিয়াবাদলৈ স্থানান্তৰ কৰা হ’ল৷ 

 গাজীপুৰত অৱস্থিত এই জাঁবৰৰ দমটোত পেলাবলৈ দিল্লীৰ পৰা প্ৰায় ১০,০০০ মেট্ৰিক টন জাঁবৰ আহে৷ এই এলেকাৰ ওচৰে পাজৰে থকা লোকৰ বিভিন্ন ভয়ংকৰ বীজাণুৰ আক্ৰমণৰ ফলত বেমাৰত ভোগা দেখা গৈছে৷ মাটিৰ লগতে পানীৰো প্ৰদূষিত হোৱাৰ ফলত মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী হৈ থকা নায়৷ কেৱল এয়াই নহয়, আন বহু কেইখন ঠাইত এনেদৰে প্ৰদূষণ হোৱাৰ ফলত পৰিৱেশ প্ৰদূষণ হৈছে৷ দেশত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা জাবৰৰ দমে কেৱল ঠাইখনেই নহয় ২ নতুবা ৭ কিলোমিটাৰ পৰ্যন্তলৈকে প্ৰভাৱ পেলায়৷ যাৰ বাবে দেশৰ প্ৰত্যেক জন নাগৰিকে এই বিষয়ত সাৱধানতা অৱলম্বন তথা সজাগতা হোৱাটো উচিত৷ সময়ত ইয়াৰ নিৰ্মূল নকৰিলে দেশৰ বাবে ই এক ডাঙৰ সমস্যা হিচাপে দেখা দিব৷