বঢ়মপুৰ/চামগুৰিঃ নগাঁৱৰ চামগুৰি গেছ এজেন্সিয়ে মঙলবাৰে চাপানালা বাৰোৱাৰী পূজা মণ্ডপত প্ৰধান মন্ত্ৰী উজ্জলা যোজনাৰ অধিনত দৰিদ্ৰ পৰিয়ালক ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ বিতৰণ কৰে৷
চাপানালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক বিদ্যানাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শিকা ডলী বৰা আৰু পাৰবিন চুলতানা উপস্থিত থাকি মহিলাসকলক নিজৰ ওচৰৰ গেছ এজেন্সিলৈ গৈ নিজৰ যাৱতীয় নথি-পত্ৰ লগত নি যোগাযোগ কৰিবলৈ আহ্বান জনায়৷