ডিজিটেল ডেস্কঃ দিল্লীৰ টোঘলকবাদ এলেকাৰ ৰাণী ঝান্সী বালিকা বিদ্যালয়ত বিষাক্ত গেছ লিকেজৰ ফলত ২০০ জন ছাত্ৰী অসুস্থ হৈ পৰাৰ ফলত ততালিকে ছাত্ৰীসকলক সমীপৱৰ্তী হস্পিতালত ভৰ্তি কৰাবলগীয়া হয়। পুৱাৰ ভাগত পাঠদান চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।
বিদ্যালয়ৰ সমীপতে ৰখাই থোৱা এখন কণ্টেইনাৰ ট্ৰাকৰপৰা হোৱা ৰাসায়নিক গেছ বাহিৰ হোৱাৰ ফলত বিদ্যালয়খনৰ প্ৰথম মহলাৰ ছাত্ৰীসকল হঠাতে অসুস্থ হৈ পৰে। ঘটনাৰ খবৰ পোৱামাত্ৰকে স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এনডিআৰএফ বাহিনী ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।