ডিজিটেল ৰিপ’ৰ্টঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং, ৰূপহীহাট, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিভিন্ন ঐতিহ্যমণ্ডিত মছজিদ, শাংকাত উপস্থিত হৈ সমষ্টিবাসীৰ লগতে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ সৰ্বমংগল কামনাৰে বিশেষ দোৱাত অংশগ্ৰহণ কৰে যুৱ সাংসদ গৌৰৱ গগৈয়ে৷
কালি ৰূপহীহাটৰ তাৰাবাৰী আৰু খাটোৱাল জামে মছজিদ, শাংকাত উপস্থিত হোৱাৰ পিছত আজি ধিং সমষ্টিৰ পৰমাইভেটী মাদ্ৰাছা, পৰমাইভেটী শাংকাত বিশেষ ব্ৰতগ্ৰহণ কৰি থকা জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উত্তৰ-পূৱ ভাৰত আমিৰে শ্বৰিয়ত মুফটি খাইৰুল ইছলামক সাক্ষাৎ কৰি স্বাস্থ্যৰ খা-খবৰ লৈ বিশেষ দোৱা গ্ৰহণ কৰে ৷