Home ৰাজ্যসাংসদ গৌৰৱ গগৈক ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ সাংসদৰ সন্মান

সাংসদ গৌৰৱ গগৈক ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ সাংসদৰ সন্মান

by News Desk
48 views
A+A-
Reset

বটদ্ৰৱাঃ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম কলিয়াবৰ লোকসভা সমষ্টি৷ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা যোৱা ৪টাবছৰে সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে যুৱ সাংসদ গৌৰৱ গগৈয়ে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ গৌৰৱ গগৈক ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ সাংসদ বঁটা আগবঢ়াইছে ‘ফেইম ইণ্ডিয়া’ নামৰ আলোচনী খনে। আলোচনী খনে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ সেৱা আগবঢ়োৱাৰ বাবে সাংসদ গগৈক সন্মান আগবঢ়াইছে।

উল্লেখ্য যে, ‘ফেইম ইণ্ডিয়াই’ দেশৰ সাংসদসকলৰ নিজ সমষ্টিৰ প্ৰতি আগবঢ়োৱা সেৱা, সামাজিক অৱদান, জনসাধাৰণৰ লগত সংযোগ সাধন, বিভিন্ন আঁচনিৰ ৰূপায়ন, কৰ্ম দক্ষতা, সংসদৰ বিভিন্ন উত্থাপন কৰা ভাষণ আৰু বিতৰ্ক, প্ৰশ্ন উত্থাপন, সদনৰ উপস্থিতি আৰু ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি এই সন্মান প্ৰদান কৰে৷ দেশৰ মুঠ ২৫গৰাকী সাংসদক এই সন্মান প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0