গুৱাহাটীঃ ম্যানমাৰৰ আলফা (স্বাধীন)ৰ শিবিৰত আকাশী আক্ৰমণে নতুন বিতৰ্কৰ সূচনা কৰিছে অসমত। পৰেশপন্থী আলফাৰ শিবিৰত সংঘটিত তিনিটা ড্ৰ’ন আৰু এটা মিছাইল আক্ৰমণত নিহত হৈছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ তিনিজনকৈ কেডাৰ। এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কালিও মৃত্যুক সাৱটি লয় ভাস্কৰজ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসম নামৰ আন এজন কেডাৰে। নিহত ভাস্কৰজ্যোতিৰ ঘৰ আছিল ছিপাঝাৰৰ কদমতলি গাঁৱত।
আলফা স্বাধীনৰ ওপৰত সংঘটিত এই আক্ৰমণে শেহতীয়াকৈ সমগ্ৰ অসমত উত্তেজনা বৃদ্ধি কৰিছে। ভাৰতীয় সেনাৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰা বুলি সৃষ্টি হোৱা জল্পনা-কল্পনাৰ মাজতে আক্ৰমণৰ প্ৰতিশোধ লৈ নিষিদ্ধ সংগঠনটো অধিক উগ্ৰ হৈ পৰিব পাৰে বুলি ইতিমধ্যেই আশংকা ব্যক্ত কৰিছে অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াৰ দৰে প্ৰাক্তন আলফা নেতাইও। এনে পৰিস্থিতিৰ মাজতে এইবাৰ আলফাৰ ওপৰত সংঘটিত আক্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে এনে আক্ৰমণ সম্ভৱ নহয় বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে। সোমবাৰে গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অজ্ঞাতে ড্ৰ’ন আক্ৰমণৰ দৰে স্পষ্ট আৰু কৌশলগত অভিযান হ’ব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কয় যে পৰেশ বৰুৱাৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছে। গতিকে এনে টাৰ্গেটেড অভিযানৰ তথ্য তেওঁৰ হাতত নাথাকিব বুলি বিশ্বাস কৰিব পাৰি নেকি?”
তেওঁ কয় যে কিছুমানে ইয়াক ‘অপাৰেচন সেন্দুৰ’ বুলি অভিহিত কৰিছে, কিন্তু আমাৰ বাবে ই পূৰ্বৰ গোপন হত্যাকাণ্ডৰ দৰেই – য’ত লক্ষ্য আছিল আমাৰ নিজৰ ৰাজ্যৰ জনসাধাৰণ। এপিচিচিৰ সভাপতিগৰাকীয়ে লগতে কয় যে এই ঘটনা স্বচ্ছ আৰু আনুষ্ঠানিকভাৱে ব্যাখ্যা নকৰিলে শান্তি প্ৰক্ৰিয়া পিছুৱাই যাব।
ইফালে এই আক্ৰমণক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, “এই ঘটনাত বহু লোকৰ প্ৰাণ হেৰুওৱাৰ আশা কৰা হৈছে। কিন্তু তাতোকৈ ডাঙৰ প্ৰশ্নটো হ’ল – ২০২৩ চনৰ পৰা গঢ় লৈ উঠা শান্তিৰ ভেটি এই আক্ৰমণৰ প্ৰভাৱৰ পৰা বাচি থাকিবনে? চৰকাৰে স্পষ্ট কৰিব লাগিব যে কাৰ অনুমতিত এই আক্ৰমণ সংঘটিত হৈছে।”
তেওঁ লগতে কয়, “যেতিয়া শান্তি আলোচনাই লাহে লাহে গতি লাভ কৰিছিল, তেতিয়া এনে অভিযানে পৰিস্থিতি আৰু জটিল কৰি তুলিব। ৰাজ্য আৰু কেন্দ্ৰ দুয়োটাই এই বিষয়ত স্পষ্ট স্থিতি লোৱাটো প্ৰয়োজন।”