শ্ৰীনগৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণৰ পাছত প্ৰথমটো প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই৷ 

দেওবাৰে মাজ নিশাৰপৰা আৰম্ভ কৰি আজি পুৱা ৯ বজালৈকে চলা এক অভিযানত ৫৫ নং ৰাষ্ট্ৰীয় ৰাইফলছ, চি আৰ পি এফ, বিশেষ অভিযানকাৰী গোট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত বধ কৰা হয় জইছ-ই-মহম্মদ কমাণ্ডাৰ তথা আফগানিস্তানৰ সন্ত্ৰাসবাদী গাজী ৰছিদক৷

এই গাজী ৰছিদে পুলৱামা আক্ৰমণৰ আত্মঘাতী সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰক প্রশিক্ষণ দিছিল আৰু গাড়ীখনত বোমা স্থাপন কৰিছিল বুলি নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ 

গোপন সূত্ৰৰ পম খেদি যুটীয়া অভিযানকাৰী দলটোৱে পুলৱামাৰ বোমা বিস্ফোৰণ হোৱা ঘটনাস্থলীৰপৰা মাত্ৰ ১০ কিলোমিটাৰ নিলগৰ পিংগলিনা নামৰ এলেকাটোত অভিযান চলাই এই সফলতা লাভ কৰে৷ 

উল্লেখ্য যে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত এই গাজী ৰছিদক মাছুদে ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ দায়িত্ব দি ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল৷ 

নিৰাপত্তাৰক্ষীৰ এই অভিযানত চাৰিজন সেনা জোৱান ছহিদ হোৱাৰ লগতে এজন অসামৰিক লোকো নিহত হয়৷