• एनडीए (बीजेेपी गठबंधन) 1 seats
  •  

শেহতীয়া আপডেট পাবলৈ Refresh কৰি থাকিব।


10.58AM
ওড়িশাৰ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা অৰ্জনৰ দিশে বিজেপি।


10.56AM
অনন্তনাগত পিডিপিৰ মেহবুবা মুফটি প্ৰায় ১ লাখ ভোটত পিছপৰিছে।


10.52AM
বেগুচৰাইত পুনৰ বিজেপিৰ গিৰিৰাজ সিঙৰ অগ্ৰগতি।


10.44AM
মথুৰাত বিজেপিৰ হেমা মালিনী প্ৰায় ৮০ হাজাৰ ভোটত আগাবাঢ়ি আছে। বেগুচৰাইত পিছপৰি আছে বিজেপিৰ গিৰিৰাজ সিং।


10.35AM
গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধিৰ প্ৰায় ৮ হাজাৰ ভোটত অগ্ৰগতি।


10.32AM
বিজেপিৰ দুৰ্গস্বৰূপ গুজৰাটত ৪টা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি।


10.31AM
ধুবুৰী লোকসভা সমষ্টিত ৬৬ হাজাৰ ভোটত অগ্ৰগতি কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ।


10.29AM
বাৰামতীত সুপ্ৰিয়া ছোলেৰ অগ্ৰগতি।


10.28AM
প্ৰাৰম্ভিক ট্ৰেণ্ডিঙৰ পিছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ প্ৰতিক্ৰিয়া। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰাক্তন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে বুলি দাবী জয়ৰাম ৰমেশৰ। 'প্ৰধানমন্ত্ৰী নিজেই বাৰাণসী সমষ্টিত অলপ সময়ৰ বাবে হ’লেও পিছপৰিছে। এয়া মোদীয়ে সপোনতো ভাবিব পৰা নাছিল। প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে কৈছিল যে ট্ৰেইলৰ, ট্ৰেইলৰ... এতিয়া ট্ৰেইলাৰ লাহে লাহে দেখিবলৈ পোৱা গৈছে।’-জয়ৰাম ৰমেশে কয়।


10.19AM
আমেথিত ১৪ হাজাৰ ভোটত পিছপৰি আছে স্মৃতি ইৰাণী।


10.16AM
পশ্চিমবংগত ২৪টা সমষ্টিত অগ্ৰগতি লাভ তৃণমূল কংগ্ৰেছৰ।


10.15AM
দৰং-ওদালগুৰি সমষ্টিত অগ্ৰগতি লাভ বিজেপিৰ দিলীপ শইকীয়াৰ।


10.08AM
অন্ধ্ৰপ্ৰদেশত চৰকাৰ গঠনৰ দিশে চন্দ্ৰবাবু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টী। 


10.02AM
আমেথিত এই পৰ্যন্ত পিছপৰি আছে স্মৃতি ইৰাণী। 


9.59AM
প্ৰাৰম্ভিক ট্ৰেণ্ডিঙৰ পিছতে শ্বেয়াৰ বজাৰত ব্যাপক খহনীয়া। 


9.55AM
প্ৰায় আধাঘণ্টা পিছপৰি থকাৰ পিছত বাৰাণসীত পুনৰ অগ্ৰগতি লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।


9.52AM
ৰায়বৰেলীত এই পৰ্যন্ত ২৮,০০০ ভোটত অগ্ৰগতি লাভ ৰাহুল গান্ধীৰ।


9.49AM
২৫০টা সমষ্টিত অকলে অগ্ৰগতি লাভ বিজেপিৰ।


9.45AM
দিল্লীত ৪টা সমষ্টিত আগবাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট।


9.41AM
উত্তৰ প্ৰদেশৰ ৮০টা সমষ্টিৰ ৪৩টাত ইণ্ডিয়াৰ অগ্ৰগতি। এনডিএ আগবাঢ়িছে ৩৫টা সমষ্টিত। ২টা সমষ্টিত আগবাঢ়িছে অন্যান্য।


9.40AM
হাৰিয়ানাত ৭টা সমষ্টিত আগবাঢ়িছে কংগ্ৰেছ।


9.35AM
এই পৰ্যন্ত বাৰাণসীত পিছপৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।


9.33AM
দৰং-ওদালগুৰি সমষ্টিত পিছপৰিছে বিজেপিৰ দিলীপ শইকীয়া। আগবাঢ়িছে কংগ্ৰেছৰ মাধৱ ৰাজবংশী।


9.31AM
আকৌ প্ৰাৰম্ভিক ট্ৰেণ্ডিঙত যাদুকৰী সংখ্যা স্পৰ্শ এনডিএৰ।


9.30AM
উত্তৰ প্ৰদেশত এনডিএক পিছপেলাই আগবাঢ়িছে ইণ্ডিয়া। ৩৯ টা সমষ্টিত আগবাঢ়িছে ইণ্ডিয়া। প্ৰায় ১০ মিনিট ধৰি বাৰাণসী সমষ্টিত পিছপৰি আছে নৰেন্দ্ৰ মোদী।


9.27AM
হায়দৰাবাদত পিছপৰিছে আছাউদ্দিন অৱেচি।


9.25AM
আমেথিত স্মৃতি ইৰাণীক বহু ভোটত পিছপেলাই আগবাঢ়িছে কংগ্ৰেছৰ কিশোৰী লাল শৰ্মা।


9.22AM
বাৰাণসী সমষ্টিত পিছ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।


9.20AM
পুনৰ প্ৰাৰম্ভিক ট্ৰেণ্ডিঙত যাদুকৰী সংখ্যাৰ পৰা পিছ পৰিল এনডিএ।


9.18AM
প্ৰাৰম্ভিক ট্ৰেণ্ডিঙত একক সংখ্যাগৰিষ্ঠতা অৰ্জন এনডিএৰ।


9.15AM
উত্তৰ প্ৰদেশত কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে লাভ কৰিছে ব্যাপক অগ্ৰগতি। গুজৰাটত কংগ্ৰেছ ৪টা সমষ্টিত আগবাঢ়িছে।


9.12AM
পশ্চিমবংগৰ কৃষ্ণনগৰ সমষ্টিত আগবাঢ়িছে আছে তৃণমূলৰ মহুৱা মৈত্ৰা।


9.10AM
কংগ্ৰেছে অকলেই ১০০টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে। দিল্লীত ছান্দনী চকত আগবাঢ়িছে কংগ্ৰেছৰ জেপি অগ্ৰৱাল।


9.07AM
উত্তৰ প্ৰদেশৰ মীৰাট সমষ্টিত ৬০০০ ভোটত পিছপৰি আছে বিজেপিৰ অৰুণ গোভিল।


9.05AM
প্ৰাৰম্ভিক অৱস্থাৰ ট্ৰেণ্ডিঙত পূৰ্বৰ তুলনাত ৯২টা সমষ্টি হেৰুওৱাৰ দিশে অগ্ৰসৰ হৈছে এনডিএ। উত্তৰ প্ৰদেশত ৬টা সমষ্টিত আগবাঢ়িছে কংগ্ৰেছ।


8.57AM
গুৱাহাটী লোকসভা সমষ্টিত পিছপৰি আছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ।


8.55AM
দক্ষিণ দিল্লীত আগবাঢ়িছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী।


8.51AM
দিল্লীত আগবাঢ়ি আছে কংগ্ৰেছৰ কানহায়া কুমাৰ।


8.50AM
ৰাজস্থানত কংগ্ৰেছ এই পৰ্যন্ত ৮টা সমষ্টিত আগবাঢ়ি আছে।


8.48AM
ভাৰতীয় নিৰ্বাচন আয়োগে ফলাফলৰ প্ৰাৰম্ভিক ট্ৰেণ্ড আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। মিজোৰামত ১খন আসনত জোৰাম পিপ’ল মোভমেণ্ট আগবাঢ়িছে। প্ৰথম অৱস্থাত বেলট পেপাৰৰ গণনা চলি আছে। বেলট পেপাৰৰ গণনা শেষ হোৱাৰ পিছতে ইভিএমৰ গণনা আৰম্ভ হ’ব। 


8.42AM
মহাৰাষ্ট্ৰত এনডিএক পিছপেলাই আগবাঢ়িছে ইণ্ডিয়া মিত্ৰজোঁট।


8.39AM
যোৰহাট লোকসভা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছৰ গৌৰৱ গগৈ। ডিব্ৰুগড়ত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল। ধুবুৰীত আগবাঢ়িছে ৰকিবুল হুছেইন।


8.35AM
উত্তৰ প্ৰদেশৰ ৪৪টা সমষ্টিৰ পৰা ফলাফল আহিবলৈ লৈছে। ইয়াৰে ২৫টাত আগবাঢ়ি আছে বিজেপি।


8.31AM
তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী হ’ব দেশৰ প্ৰধানমন্ত্ৰী। ভোটগণনাৰ দিনা পুৱাই গোৰখপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী ৰবি কিষাণৰ এই দাবী।


8.27AM
ৱায়নাডৰ লগতে ৰায়বৰেলীতো প্ৰাৰম্ভিক আৱস্থাত আগবাঢ়িছে ৰাহুল গান্ধী।


8.25AM
চণ্ডীগড়ত আগবাঢ়ি আছে কংগ্ৰেছৰ মনীষ তিৱাৰী। বিহাৰৰ পাতলিপুত্ৰত আগবাঢ়িছে লালু যাদৱৰ কন্যা মিছা ভাৰতী।


8.21 AM
হাৰিয়ানাৰ কাৰ্ণালত পিছপৰি আছে বিজেপিৰ মনোহৰ লাল খট্টৰ।


8.16 AM
ইণ্ডিয়া মিত্ৰজোঁটক পিছপেলাই আগবাঢ়িছে এনডিএ। প্ৰাৰম্ভিক ৰাউণ্ডত এনডিএক প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ হৈছে কংগ্ৰেছ।


8.15 AM
ৱায়নাড সমষ্টিত আগবাঢ়ি আছে ৰাহুল গান্ধী। তিৰুৱনন্তপুৰম সমষ্টিত আগবাঢ়ি আছে শশী থাৰুৰ।


8.10 AM
বেলট পেপাৰৰ গণনাত প্ৰাৰম্ভিক অৱস্থাত আগবাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট। 


8.00 AM
লোকসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ। বেলট পেপাৰৰ গণনাত আগবাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট।