58
ডিজিটেল ডেস্কঃ কোৱা হয় আইন সকলোৰ বাবে সমান৷ আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে কোনেও৷ এই কথাষাৰ সত্য প্ৰমাণিত হ’ল আকৌ এবাৰ৷
বাবৰি মছজিদ ধ্বংস গোচৰত আজি চিবিআইৰ বিশেষ আদালতে অভিযুক্ত কৰিলে বিজেপি দলৰ জেষ্ঠ নেতা লাল কৃষ্ণ আদৱানিক৷ আদৱানি সহিতে প্ৰাক্তন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী মুৰলি মনোহৰ যোশী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীৰ লগতে মুঠ ১২ গৰাকী লোকক ষড়যন্ত্ৰ ৰচনা কৰাৰ গোচৰত অভিযুক্ত কৰিছে চিবিআইৰ বিশেষ আদালতে৷