Home ৰাজ্যঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

ঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

by News Desk
A+A-
Reset
3aaf721f-df8a-448d-8bd5-d7006f0070c1

বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত যোৱা দেওবাৰে গাওঁৰক্ষী বাহিনীৰ মাহিলী সভাৰ সংগতি ৰাখি এখন সাম্প্ৰতিক পৰিস্থিতি আৰু জনসাধাৰনৰ মাজত এখন সজাগতামুলক সভা অনুষ্ঠিত হৈ যায়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে আঁত ধৰা সভাখনত থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মকতাসকলৰ উপৰিও ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, উপ পৰিদৰ্শক জাকিৰ হুছেইন, ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতা, নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাকে ধৰি কেবাগৰাকী বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

সভাত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ভাষণত কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজত এটা মূদ্ৰাৰ ইপিঠি সিপিঠি সম্পৰ্ক হ’ব লগে।প্ৰতিটো বিপদৰ আগত আৰক্ষীৰ সৈতে জনসাধাৰণৰ তথা দল সংগঠনে যোগাযোগ ৰাখিবলৈ আৰক্ষীবিষয়াগৰাকীয়ে উপস্থিত ৰাইজক আহ্বান জনায়।নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ভাষণত আগত দিনত এই থানা এলেকাত যাতে কোনো দুষ্টলোকে শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি আৰক্ষীয়ে চোকা নজৰ ৰখাৰ উপৰিও গাঁওৰক্ষী বাহিনীয়েও সক্ৰিয়তা হৈ প্ৰশাসনক প্ৰতিটো ক্ষণতে সহায় কৰিবলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0