লংকাঃ ভূত ওলাইছে, ভূত৷ এয়া এখন বিদ্যালয়ৰ কাহিনী৷ ঠাইখিনি নিৰ্জন নহয় যদিও মানুহৰ জনবসতি কম৷ সাজ লাগিলেই মানুহৰ আহ যাহ কমি যায়৷ ৰাতি স্কুল ঘৰটোৰ সন্মুখেৰে কোনো অকলশৰে আহিব নিবিচাৰে৷ অগত্যা যদি কেতিয়াবা আহিব লগা হয়, তেন্তে জোলোঙাত নতুৱা লংপেন্টৰ পকেটত এমুঠি সৰিয়হ অথৱা এটি জলকীয়া থাকিবই লাগিব৷ আৰু মুখত অনবৰতে হৰিনাম এফাকি লাগি থকাটো বাধ্যতামূলক৷
কিয়নো নিশা হ’লে নিশাৰ নিৰ্জনতা ভেদি স্কুল ঘৰৰ পৰা ভাহি আহে সেই বুকু কঁপাই যোৱা চিঞৰ৷ তেজ গোট মাৰি যোৱা এই চিঞৰ কোনো মানুহৰ নহয়, এয়া এক চিঞৰ অশৰীৰি আত্মাৰ৷ তদুপৰি এই অশৰীৰি আত্মাই ৰাতি ৰাতি বিদ্যালয়খনৰ দুৱাৰ খিৰিকিত ঢকিয়াই ঢকিয়াই সৃষ্টি কৰে এক ভৌতিক পৰিৱেশ৷ সেয়ে ৰাতি বিদ্যালয়ৰ সন্মুখেৰে অহা যোৱা কৰাটোত অঞ্চলবাসীয়ে একপ্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ অন্ততঃ যাৰ প্ৰাণৰ প্ৰতি মমতা আছে, সি সেই বাটেৰে কাহানিও নাযায়৷