গোগামুখঃ ভূত-প্ৰেত-বীৰাই ত্ৰাসৰ সৃষ্টি কৰিছে গোগামুখত ! যোৱা ৬ মে’ পৰা ৫ জন লোকৰ অস্বাভাৱিক মৃত্যুত আতংকিত হৈ পৰিছে অঞ্চলটোৰ প্ৰায় পাঁচখন গাঁৱৰ ৰাইজ ৷ মিংমাং পাৰ্বতী পুৰ, বান্তৌ , পশ্চিম পাৰ্বতি পুৰ, মদনপুৰ আৰু চেঙেলী সূতী গাঁৱত সম্প্ৰতি বিৰাজ কৰিছে ভূতৰ আতংক ৷
ৰাইজৰ সন্দেহ অশৰীৰি পিচল বীৰাৰ অাক্ৰমণত এই লোককেইজনৰ মৃত্যু হৈছে ৷ জৰা ফুকা, পানী কটা, ধৰ্মীয় পূজাৰে সম্প্ৰতি ৰাইজে ভূতক সন্তুষ্ট কৰাৰ চেষ্টা চলাইছে৷ উল্লেখ্য যে ৬ মে’ত টংকেশ্বৰ গগৈ নামৰ লোকজনৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পাছত ৯ মে’ত মদনপুৰৰ এগৰাকী মহিলাৰ, ১৮ মে’ত কৃষ্ণ লাহন নামৰ লোকজনৰ, ১৯ মে’ত পশ্চিম পাৰ্বতিপুৰৰ জীনামনি দুৱৰা আৰু ২৫মে’ত চেঙেলী সূতী গাঁৱৰ এগৰাকী মহিলাৰ অস্বাভাৱিকভাৱে মৃত্যু হয়।