গুৱাহাটীঃ অম্বুবাচীৰ আৰম্ভণিলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী৷

তেনে সময়তে ভৰলু আৰক্ষীয়ে ভোটনাথৰ দলকিৰপৰা গ্ৰেপ্তাৰ কৰিছে এটা ড্ৰাগছ ব্যৱসায়ীক।

ধৃত ড্ৰাগছ ব্যৱসায়ীতো হৈছে নগৰবেৰা চাহিনুৰ ইছলাম(২০)। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ড্ৰাগছ ব্যৱসায়ীতোৰপৰা ১৫ টাকৈ কণ্টেন, এটা চিৰিঞ্জ, ম’বাইল আৰু নগদ ২৪৬০ টকা জব্দ কৰা হৈছে।

বৰ্তমান ৩২২/১৯ নম্বত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।