গুৱাহাটীঃ গ্ৰীষ্ম অহাৰ লগে লগে গুৱাহাটীৰ মহানগৰীত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় ডেংগুৰ মহৰ উপদ্ৰৱ। প্ৰতিবছৰে ডেংগুত আক্রান্ত হৈ চিকিৎসাধীন হ’ব লগা হয় মহানগৰৰ বহু সংখ্যক ব্যক্তিৰ। তাৰে কিছুসংখ্যক ব্যক্তি ডেংগুত আক্রান্ত হৈ মৃত্যুৰ পৰ্যন্ত হ’বলগীয়া হয়। কিন্তু ইমানৰ পাছতো গুৱাহাটীৰ পৌৰ নিগম আৰু ৰাজ্যৰ বিয়াগোম স্বাস্থ্যৰ বিভাগৰ বিশেষ তৎপৰতা নাই ডেংগুক প্ৰতিহত কৰাৰ বাবে।
এইবাৰো মহানগৰীত ইতিমধ্যে আৰম্ভ হৈছে ডেংগুৰ প্ৰাদুৰ্ভাৱ। সমগ্ৰ মহানগৰীৰ মুঠ ৩১ টা ৱাৰ্ডত পৌৰ নিগমৰ তত্বাৱধানত ৰাজ্যৰ স্বাস্থ্যৰ বিভাগে ইতিমধ্যে ডেংগুক প্ৰতিহত কৰাৰ বাবে ফগিং মেচিনৰ প্ৰথম ৰাউণ্ডৰ কাম শেষ কৰিছে যদিও ইয়াৰ ব্যৱহাৰ নিয়ম অনুসৰি সম্পাদন কৰিব পৰা নায়। কাৰণ স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি প্ৰতি ১৩ দিনৰ মুৰে মুৰে ফগিং কৰিব লাগে।