গুৱাহাটীঃ গ্ৰীষ্ম অহাৰ লগে লগে গুৱাহাটীৰ মহানগৰীত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় ডেংগুৰ মহৰ উপদ্ৰৱ। প্ৰতিবছৰে ডেংগুত আক্রান্ত হৈ চিকিৎসাধীন হ’ব লগা হয় মহানগৰৰ বহু সংখ্যক ব্যক্তিৰ। তাৰে কিছুসংখ্যক ব্যক্তি ডেংগুত আক্রান্ত হৈ মৃত্যুৰ পৰ্যন্ত হ’বলগীয়া হয়। কিন্তু ইমানৰ পাছতো গুৱাহাটীৰ পৌৰ নিগম আৰু ৰাজ্যৰ বিয়াগোম স্বাস্থ্যৰ বিভাগৰ বিশেষ তৎপৰতা নাই ডেংগুক প্ৰতিহত কৰাৰ বাবে।

এইবাৰো মহানগৰীত ইতিমধ্যে আৰম্ভ হৈছে ডেংগুৰ প্ৰাদুৰ্ভাৱ। সমগ্ৰ মহানগৰীৰ মুঠ ৩১ টা ৱাৰ্ডত পৌৰ নিগমৰ তত্বাৱধানত ৰাজ্যৰ স্বাস্থ্যৰ বিভাগে ইতিমধ্যে ডেংগুক প্ৰতিহত কৰাৰ বাবে ফগিং মেচিনৰ প্ৰথম ৰাউণ্ডৰ কাম শেষ কৰিছে যদিও ইয়াৰ ব্যৱহাৰ নিয়ম অনুসৰি সম্পাদন কৰিব পৰা নায়। কাৰণ স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি প্ৰতি ১৩ দিনৰ মুৰে মুৰে ফগিং কৰিব লাগে। 

কিন্তু পৰিত্ৰাপৰ কথা বৰ্তমান সময়ত স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি ফগিং কৰিবলৈ পৰ্য্যাপ্ত মেচিন নাই গুৱাহাটীৰ পৌৰ নিগম আৰু ৰাজ্যৰ বিয়াগোম স্বাস্থ্যৰ বিভাগৰ হাতত। স্বাস্থ্যৰ বিভাগৰ খবৰ অনুসৰি গুৱাহাটীৰ পৌৰ নিগমৰ ২০ টা আৰু স্বাস্থ্য বিভাগৰ ১৬ টাৰে বৰ্তমান সময়ত মুঠ ৩৬ টা ফগিং মেচিন মজুত আছে। কিন্তু বৰ্তমান সময়ত সমগ্ৰ গুৱাহাটীত ব্যৱহাৰ কৰা হৈছে মুঠ ২৬ টাহে ফ্রগিং মেচিন। অৰ্থাৎ গুৱাহাটীৰ পৌৰ নিগমৰ  ১০ টা ফ্রগিং মেচিন বৰ্তমান সময়ত বিকল হৈ আছে।

তাৰ বাবে ফগিং মেচিন বৰ্তমান সময়ত নিয়ম অনুসৰি ব্যৱহাৰ কৰিব পৰা হোৱা নাই সমগ্ৰ মহানগৰীত। ইফালে, স্বাস্থ্য বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি দ্বিতীয় ৰাউণ্ডৰ ফ্রগিংৰ কাম মহানগৰীৰ ১১ আৰু ১২ নম্বৰ ৱাৰ্ডত অহা ১০ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব যদিও বাকী সমূহ ৱাৰ্ডত সম্পূৰ্ণ হ’বলৈ এতিয়াও বহুত বাকী বুলি জানিবলৈ দিছে।

এতিয়া প্ৰশ্ন হয় এই কম সংখ্যক ফগিং মেচিনে গুৱাহাটীৰবাসীক আগন্তক দিনত ডেংগুৰপৰা কেনেকৈ ৰক্ষা কৰিব হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ আৰু গুৱাহাটীৰ পৌৰ নিগমে ই কিন্তু বৰ্তমান সময়ত চিন্তিত বিষয়।