গুৱাহাটীঃ অম্বুবাচীৰ নির্বিত্তিৰ পাছত বুধবাৰে পুৱাই কামাখ্যা মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। যোৱা তিনিদিন ধৰি অম্বুবাচীৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ বন্ধ থকাৰ পাছত আজি পুৱা ভক্তসকলৰ বাবে খোলা হয় মুখ্যদ্বাৰ।

মন্দিৰ দর্শন কৰি কামাখ্যা দেৱীক সেৱা জনাই সোণোৱালে কয় যে ৰাজ্যবাসীৰ মংগল আৰু সৰ্বাঙ্গীন উন্নয়নৰ বাবে কামাখ্যা মাক সেৱা জনাও।লগতে কয় সকলোৰে জীৱনলৈ সুখ ,শান্তি আৰু সমৃদ্ধিৰ নতুন বতৰা কঢ়িয়াই আনক। এনেদৰে কামাখ্যাৰ আগত সকলোৰে বাবে সেৱা জনোৱা দেখা পোৱা যায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷