গুৱাহাটীঃ অসম আৰক্ষীক লজ্জানত কৰাএক সংঘটিত হয়। লতাশিল আৰক্ষীৰ জিম্মাৰপৰা পলায়ন উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ মূল অভিযুক্ত। হেণ্ডকাফসহ পলায়ন কৰা ধৃত অভিযুক্ত চুৰটো নাম আজিজুৰ আলি। 

লতাশিল আৰক্ষীয়ে ধৃত চোৰতোক গ্ৰেপ্তাৰ কৰাৰ পাছত নিজৰ জিম্মাত ৰাখি শনিবাৰে তদন্তৰ বাবে লতাশিল আৰক্ষীয়ে হাতগাঁওলৈ নিছিল। সেই সময়তে স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছে অভিযুক্ত আজিজুৰ আলি।

উল্লেখ্য যে, যোৱা বর্ষৰ ১৫ নৱেম্বৰতে সংঘটিত হোৱা উগ্ৰতাৰা মূল বিগ্ৰহ চুৰিৰ কাণ্ডৰ সংঘটিত হোৱাৰ পাছত যোৱা ১৯ জুনত লতাশিল আৰক্ষীয়ে মহানগৰীৰ চচলৰপৰা গ্ৰেপ্তাৰ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা এই উগ্ৰতাৰা বিগ্ৰহ চুৰিৰ ঘটনাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে মাত্ৰ এইজনকে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে গ্ৰেপ্তাৰ কৰা একমাত্ৰ অভিযুক্ত জনকো ধৰি ৰাখিব নোৱাৰিলে আৰক্ষীয়ে।

আনহাতে, ঘটনা সংঘটিত হোৱা দুদিনমানৰ পাছতে লতাশিল আৰক্ষীয়ে নিজৰ দায় হাৰিবৰ বাবে কেইজনমান ড্ৰাগছ আসক্তি যুৱকক গ্ৰেপ্তাৰ কৰি ঘটনাটো তেওঁলোক জড়িত থকাৰ ৰূপ দিছিল।